চামগুৰিঃ নগাঁও জিলাৰ শালনাত শনিবাৰে নিশা বন্যহস্তীৰ উপদ্ৰৱৰ ফলত বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে সমগ্ৰ অঞ্চলবাসী। নিকটৱৰ্ত্তী কাৰ্বি পাহাৰৰপৰা নামি অহা এটা বন্যহস্তীয়ে সমগ্ৰ অঞ্চলটোতে তাণ্ডৱৰ সৃষ্টি কৰাৰ পাছত লণ্ড-ভণ্ড কৰিলে শালনা বজাৰৰ সমীপৰ মাইনু মল্লিক নামৰ লোকজনৰ এটা বাসগৃহ।
বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ঘৰখনৰ বহুসংখ্যক সা-সম্পত্তি বিনষ্ট হোৱাৰ উপৰিও কথমপিহে প্ৰাণ ৰক্ষা পৰিল পৰিয়ালটোৰ লোকসকল। ইফালে নিশা কেইবাবাৰো সহায় বিচৰাৰ পাছতো পুৱা পৰ্যন্ত বন বিভাগৰ এজনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিলে ভুক্তভোগি পৰিয়ালটোৱে।