141
নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ হাইডুবী নিৱাসী বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক,আব্দুল কদ্দুছ (৬৫)ৰ উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ দেওবাৰে দিনৰ প্ৰায় ১১ বজাত নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত দেহাৱসান ঘটে।
মানুহ গঢ়াৰ মন্দিৰ স্বৰূপ ধূপগুৰি জে বি মোক্তাৱ বিদ্যালয়ৰপৰা ২০১৪ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা শিক্ষাবিদ আব্দুল কদ্দুছক নগাঁও জিলা শিক্ষক পৰিষদৰপৰা বিশেষ সন্মানৰে সন্মানিত কৰা হৈছিল ।