তামুলপুৰঃএবছুৰ কোনো আদৰ্শ নাই। নিৰ্বাচন আহিলে এবছুই পৃথক ৰাজ্যৰ দাবীত আন্দোলন কৰে। এবছুই দিল্লী দিছপুৰত দালালি কৰিব যায়। এই ভাষ্য বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী।
দেওবাৰে তামুলপুৰ উচ্চত মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত নাগৰিক সভা এনে মন্তব্য আগবঢ়ায় বি টি চি প্ৰধান জনে। সভাত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত হৈ লোক সভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াক ৰাজহুৱাভাৱে কটাক্ষ কৰি কৰি কয় যে নৱ কুমাৰ শৰণীয়াই তামুলপুৰৰ সমাজ জীৱনত কি কাম কৰিছে বুলি প্ৰশ্ন কৰে।