79
নগাঁওঃ মহাশিৱৰাত্ৰি উপলক্ষ্যে সমগ্ৰ ৰাজ্যৰ দৰে নগাঁৱৰ সৰ্বত্ৰে বৈছে উছাহৰ ঢল৷ মন্দিৰে মন্দিৰে ভক্তৰ সমাগমেৰে দেখা গৈছে উদুলি-মুদুলি পৰিৱেশ৷ পুৱাৰেপৰা নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে দেৱাদিদেৱ মহাদেৱক পূজা-অৰ্চনা কৰিবলৈ অহা কণ কণ শিশুৰপৰা আবাল-বৃদ্ধ-বণিতাৰ উপস্থিতিৰে সৰু-বৰ সকলো মন্দিৰ-দেৱালয়ত বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে৷
