গুৱাহাটীঃ প্ৰতি বছৰৰ দৰে এইবাৰো গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যান ন্যাসে দেওবাৰে প্ৰদান কৰে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা। গুৱাহাটী উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত কন্ঠশিল্পী পংকজ বৰদলৈক প্ৰদান কৰা হয় ২০১৯ বর্ষ অমূল্য কাকতি স্মাৰক বঁটা।
উক্ত বঁটা আছে গামোচা, চেলেং, স্মাৰক, ২৫ হাজাৰ টকা লগতে এটা ফুলৰ থুপা। উল্লেখ যে কণ্ঠশিল্পী পংকজ বৰদলৈক এই বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰাৰ মূল কাৰণ হল জ্যোতি-বিষ্ণুৰপৰা আৰম্ভ কৰি অসমৰ কালজয়ী গীতসমূহ প্ৰকৃত সুৰ আৰু কথাৰ মাজেৰে আগবঢ়াই নিয়াৰ লগতে গীতসমূহ অবিকৃত ৰূপত তুলি ধৰা চেষ্টা চলোৱা বাবে এই বঁটা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে ছাত্ৰ-শিল্পী-সাহিত্যক কল্যান ন্যাসৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।