51
জয়ন্ত মুদৈ, নগাঁওঃ বিশিষ্ট শিক্ষাবিদ-গল্পকাৰ-কবি-নাট্যকাৰ-অভিনেতা-হাস্যব্যংগ লেখক-সমালোচক তথা ৰহদৈ কবি মঞ্চৰ সভাপতি কৃষ্ণ মোহন শৰ্মাই জীৱনৰ ছয়াশীটা সফল বৰ্ষ উকলি কাইলৈ ৫ মাৰ্চত স্বাগতম জনাব অন্য এটি বৰ্ণাঢ্য বৰ্ষক।
এই উপলক্ষে ৰহদৈ কবি মঞ্চই সেইদিনা তেওঁৰ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ফুলগুৰিৰ পূব শালমৰাস্থিত বাসভৱন ‘প্ৰৱৰালয়’ৰ প্ৰাংগণত ওপজা দিনৰ ওলগ জনোৱাৰ লগতে কাব্যধ্বনি আৰু অন্তৰংগ আলাপ অনুষ্ঠানৰ দিহা কৰিছে।