খাৰুপেটীয়াঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত দেওবাৰে খাৰুপেটীয়া আছাম ক্লাব প্ৰেক্ষাগৃহত সংখ্যালঘু দৰদী মৰহুম বি এম হামিদুৰ ৰহমান আৰু সংখ্যালঘু দৰদী তথা বিশিষ্ট সাংবাদিক মৰহুম তাইজুদ্দিন আহমেদ সমন্বয় বঁটা প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সম্পন্ন হয়৷
দিনৰ ২ বজাৰপৰা আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ এই বটাঁ প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে৷ অনুষ্ঠানটোত পদ্মশ্ৰী ডাঃ ইলিয়াচ আলীয়ে তেওঁৰ বক্তব্যত পৃথিৱীৰ বৰ্ধিত জনবিস্ফোৰণৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয় যে পৃথিৱীখনত ক্ৰমাৎ বৃদ্ধি হোৱা জনসংখ্যাই ধ্বংসৰ মুখলৈ লৈ গৈ আছে৷