Home ৰাজ্যনলবাৰীৰ উত্তৰ বাঁহজানীত ২১ খনকৈ আঁচনিৰ শুভাৰম্ভ

নলবাৰীৰ উত্তৰ বাঁহজানীত ২১ খনকৈ আঁচনিৰ শুভাৰম্ভ

by News Desk
91 views
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ আঠ নম্বৰ উত্তৰ বাঁহজানী গাঁও পঞ্চায়ত এলেকাত মঙলবাৰে ২১ খনকৈ বিভিন্ন আঁচনিৰ কামৰ শুভাৰম্ভ কৰা হয়। আঁচনি কেইখন হৈছে– গোপালথান মন্দিৰ আৰু গোপালথান পলিটেকনিকেল ইনষ্টিটিউটৰ ভূমি উন্নয়ন, বৰআজাৰাত কৃষি বান্ধ, চান্দুকুছি মৰনৈপাৰত কৃষি বান্ধ, ভূমি উন্নয়ন, চান্দুকুছি দুৰ্গা মন্দিৰৰ ভূমি উন্নয়ন, কৃষি বান্ধ, তাতিপাৰাত ভূমি  উন্নয়ন, জানিগোগত কৃষি বান্ধ, চান্দুকুছি-বৰআজাৰা কৃষি বান্ধ, বুঢ়া গোসাঁই থানত কৃষি বান্ধ, জানিগোগ ইছলাম চুবুৰীত ভূমি  উন্নয়ন, দৌকুছিত কৃষি বান্ধ, ৰাজাখাত কৃষি বান্ধ, পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত কৃষি বান্ধ, বৰআজাৰাৰ গোপাল মন্দিৰৰ ভূমি উন্নয়ন, গোপালথান পলিটেকনিকেল ইনষ্টিটিউট স্কুলৰ চৌহদৰ ভূমি উন্নয়ন, চান্দুকুছিত ভূমি উন্নয়ন, জানিগোগৰ কুদ্দুচ আলীৰ দাঁতিতে কৃষি বান্ধ আৰু চান্দুকুছি তামুলীপাৰাত কৃষি বান্ধ।

পঞ্চায়ত সচিব বিনয় গোস্বামী, ৰোজগাৰ সহায়ক গুণেশ্বৰ বেজবৰুৱা, বি জে পি নেতা জয়ৰাম বৰ্মন, ৰামহৰি বৈশ্য, দীপক শৰ্মা, আলোক মল্ল বুজৰবৰুৱা, ৰমাপতি শৰ্মা, দিপাংকৰ শৰ্মা,  পঞ্চায়ত সদস্যসকলৰ লগতে ৰাইজৰ উপস্থিতিত উক্ত আঁচনিকেইখনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0