58
খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বেছিমাৰী তেল ডিপুৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত বুধবাৰে সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা৷
প্ৰাপ্ত তথ্য মতে দলগাঁও টাউন এল পি স্কুলৰ শিক্ষয়িত্ৰী আৰু তেওঁৰ স্বামী নম্বৰ বিহীন স্কুটী এখনৰে তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত একেই দিশে গৈ থকা চাৰি চকীয়া (As 01 AG 0611) নম্বৰৰ Swift Desire গাড়ীখনে তীব্ৰ বেগেৰে স্কুটীখনত খুন্দিওৱাৰ ফলত স্কুটীখনৰ পিছফালে থকা শিক্ষয়িত্ৰীগৰাকী থিতাতে নিহত হয় ৷