গুৱাহাটীঃ অসম গণ পৰিষদলৈ দলে-বলে আহিবলৈ সাজু হৈছে বলিষ্ঠ আঞ্চলিকতাবাদী নেতা তথা একালৰ যুৱ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰ।এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা নৰ্থ-ইষ্ট ফিল্ম এণ্ড টেলিভিছন প্ৰডিউচাৰছ এণ্ড ডাইৰাক্টৰছ ফৰামৰ সভাপতি শ্ৰী ৰাজকোৱঁৰে অগপ নেতৃত্বৰ আমন্ত্ৰনক্ৰমে সমুহ সতীৰ্থসহ অহা শনিবাৰে আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে অগপলৈ উভতি আহিব।
উল্লখ্য যে আঞ্চলিকতাবাদত বিশ্বাসী ৰাজকোঁৱৰে অগপৰ চৰকাৰ ক্ষমতাত নথকা সময়ত কেইবাবছৰো অসম যুৱ পৰিষদৰ সভাপতি হিচাবে কেইবাবছৰো সন্মুখৰ পৰা দলৰ নেতৃত্ব দি আহিছিল।কিন্তু ২০১৬ চনত অ গ পৰ নেতৃত্বই বি জে পিৰ সৈতে মিত্ৰতা কৰাত তেওঁ দলৰপৰা পদত্যাগ কৰি আঞ্চলিকতাবাদী অ গ প নামৰ এটা নতুন দল প্ৰতিষ্ঠা কৰি আপোচহীন ভাৱে আঞ্চলিকতাবাদী শিবিৰৰ নেতৃত্ব দি আহিছিল ।