মৰিগাঁওঃ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা চাহ জনগোষ্ঠীয় উন্নয়ণ আঁচনিৰ অধীনত বৃহস্পতিবাৰে মৰিগাঁও জিলা উপায়ুক্তই চাহ বাগিচাৰ চৰ্দাৰৰ মাজত স্মাৰ্ট ফোন বিতৰণৰ এক কাৰ্যসূচী শুভাৰম্ভ কৰে। এই উপলক্ষে জিলা উপায়ুক্তৰ সভাকক্ষত জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হয় এখন সভা।
জিলা শ্ৰম বিষয়া সঞ্চয়িতা ভট্টাচাৰ্যই আঁত ধৰা সভাখনত উপায়ুক্ত বৰাই জিলাখনৰ চাহ বাগিচাৰ উন্নয়ৰ ক্ষেত্ৰত সকলোকে ব্ৰতী হ’বলৈ আহ্বান জনাই কয় যে চৰকাৰে প্ৰদান কৰা স্মাৰ্ট ফোনৰ জৰিয়তে চাহ বাগিচাৰ বিষয়া-শ্ৰমিকসকলৰ মাজত যোগাযোগ ব্যৱস্থা অধিক উন্নতি হ’ব।