মৰিগাঁওঃ সৰ্বশিক্ষাৰ অধীনত অসমৰ বিভিন্ন জিলাত ঠিকাভিত্তিক কৰ্মৰত প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি বেতনৰ সুৰক্ষাসহ নিয়মীয়াকৰণ কৰা, নিয়মীয়া শিক্ষকে লাভ কৰি অহা বৰ্দ্ধিত হাৰৰ গ্ৰেড-পে’, সপ্তম দৰমহা আয়োগৰ এবছৰ বকেয়া, শিক্ষয়িত্ৰীসকলৰ বাবে শিশু যত্নৰ ছুটী (চি চি এল), বেংক ঋণৰ সুবিধা, এন পি এছ, প্ৰধান শিক্ষকৰ ভাট্টা আদি লাভৰ দাবীত মৰিগাঁও জিলা টে’ট উত্তীৰ্ণ শিক্ষকসকলে বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
টে’ট উত্তীৰ্ণ শিক্ষকসকলৰ হৈ ঋতুপৰ্ণ মহন্ত, ৰেজাউল কৰিম ৰিয়াজ উদ্দিন, কুলদ্বীপ ঠাকুৰীয়া, ৰিহান আলী, সংগীতা বৰদলৈ, দুলুমনি দেৱী, দিপালী শইকীয়া, পল্লৱী বৰাকে ধৰি জিলাখনৰ ভূৰবন্ধা, লাহৰীঘাট, কপিলী, মায়ং শিক্ষাখণ্ডৰ তিনি শতাধিক টে’ট উত্তীৰ্ণ শিক্ষকে অংশগ্ৰহণ কৰে৷