78
নগাঁওঃ ১৯৬৭ চনতে স্থাপিত নগাঁও জিলাৰ কাছমাৰী মৌজাৰ অগ্ৰণী শিক্ষানুষ্ঠান পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী সমাৰোহ বৃহস্পতিবাৰৰেপৰা তিনি দিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে৷
এক উলহ মালহ পৰিলৱেশত আজি পুৱা ৯ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৱজ্যোতি ডেকাই আৰু সোনালী জয়ন্তী সমাৰোহৰ পতাকা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি ভীমাৰাম দাসে৷