নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সমষ্টিতে অসমীয়া জাতিৰ আত্মাটো লুকাই আছে। বটদ্রৱা সমষ্টিৰ সৰ্বাংগীন উন্নতি এই সমষ্টিৰ ৰাইজৰ স্বাধীকাৰ। আমাৰ বি জে পি চৰকাৰৰ এই সমষ্টিটো অসমৰ বিকাশৰ ক্ষেত্ৰত প্ৰথমটো সমষ্টি হওক। পাঞ্জাবৰ স্বৰ্ণ মন্দিৰ, কাশী, বৃন্দাবনৰ দৰে ভাৰতৰ সকলো জনগনে বটদ্ৰৱা দৰ্শন কৰিবলৈ আহক। বটদ্ৰৱাই অসমৰ প্ৰথম পৰিচয় হওক। এই ভাষ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ কপাহেৰা ষ্টেডিয়াম আৰু ডুমডুমীয়া বালিসত্ৰ আৱাসিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে বটদ্ৰৱাত শেহতীয়া ভাৱে উন্নয়ণৰ দিশত যিমান খিনি আগবাঢ়িছে, সেইয়া এখন নৃত্য নাটিকাহে চলি আছে — সম্পূৰ্ণকৈ পূৰ্ণাংগ নাটকখন আৰম্ভ হ’বলৈ আৰু কেইদিনমান লাগিব।