গুৱাহাটীঃ অভিনয়ৰ জৰিয়তে দৰ্শকক আমোদ দি দি অৱশেষত অকালতে জীৱনৰ নাট সামৰিলে অভিনেতা পৰাগ শৰ্মাই। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী বলিষ্ঠ অভিনেতাজনে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে। গুৱাহাটী নেমকেয়াৰ হাস্পতালত শুকুৰবাৰে পুৱতি নিশা ২.১০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
জনপ্ৰিয় মঞ্চ অভিনেতাজনে দীৰ্ঘদিনৰপৰা জণ্ডিচ আৰু যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। বৃহস্পতিবাৰে হঠাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ নেমকেয়াৰ হাস্পতালত।