62
ওদালগুৰিঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনসংযোগৰ দৰে দুটাকৈ বিয়াগোম বিভাগত প্ৰদান কৰা নিযুক্তিৰ স্বচ্ছতা সন্দৰ্ভত উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ।
ধনবল আৰু স্বজন-তোষণেৰে নিযুক্তি প্ৰদান কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ স্থিতি ঘোষণা কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ভূমিকাক লৈও উত্থাপিত হৈছে প্ৰশ্ন।