নলবাৰীঃ নলবাৰী সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত শনিবাৰে সদ্যঘোষিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন পদত হোৱা ব্যপক বিসংগতি তথা স্বজন-তোষনৰে হোৱা নিযুক্তিৰ প্ৰতিবাদৰ সাব্যস্ত কৰে৷
নলবাৰী সমষ্টিৰ শিক্ষিত নিবনুৱাক বঞ্চিত কৰি নলবাৰী জিলাৰ একাংশ শীৰ্ষস্থানীয় বি জে পি নেতাই চক্ৰান্ত কৰি নিজৰ পৰিয়ালৰ সদস্য আৰু পালিনেতাক অনিয়মেৰে নিযুক্তি দিয়াৰ প্ৰতিবাদত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী নৱ কুমাৰ দলে আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে৷