লিডুঃ বিভিন্ন সময়ত অসমৰ এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হিচাপে আখ্যা দিয়া হয় মাৰ্ঘেৰিটা নগৰক৷ অথচ এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হলেও উত্তৰ পূব কয়লা ক্ষেত্ৰ (কলইণ্ডিয়াৰ) লগতে বৃহৎ বৃহৎ যানবাহন চলাচলৰ ফলত পথৰ উপৰৰ বোজা এখন মেট্ৰপলিটান মহানগৰীৰ তুলনাত কোনো গুনেই কম নহয়৷
বিজেপিৰ বিধায়ক ভাষ্কৰ শৰ্মাৰ গৃহ সমষ্টি হ’ল এই মাৰ্ঘেৰিটা৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰযোটৰ চৰকাৰৰ কাৰ্যকালত বিধায়কসকলৰ নিৰ্বাচনী প্রতিশ্রুতিবোৰ যে বৰ্তমান সময়ত ফুটুকাৰ ফেনত পৰিণত হৈছে সেই কথা এতিয়া বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ ব্লক তিনিআলিৰপৰা টিৰাপ কলিয়ৰীলৈ বুলি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাই পৰিভ্ৰমন কৰিলেই জলজল পটপট হৈ পৰিব৷