তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ চুবুৰী গাঁৱত স্থাপিত শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰত মঙলবাৰে সেনাৰ দ্বাৰা নিৰ্মিত মন্দিৰ সংলগ্ন চ’ৰা ঘৰ এটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
ভাৰতীয় সেনা বাহিনীৰ তামুলপুৰস্থিত ১০৭ ৰেডহৰ্ণ ডিভিজনৰ উদ্যোগত সাজি উলিওৱা ৫৪ ফুট দৈৰ্ঘ আৰু ২১ বহলৰ মন্দিৰ সংলগ্ন চ’ৰা ঘৰটি আজি পুৱা ১১ বজাত আয়তী-উৰুলি আৰু মাংগলিক ধ্বনিৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰেড হৰ্ণ ডিভিজনৰ ব্ৰিগেডিয়াৰ কামাণ্ডাৰ সেনা চক্ৰ আৰু সেনা মেডেল প্ৰাপক গৌৰৱ ঋষিয়ে।