70
তেজপুৰঃ তেজপুৰৰ এল এণ্ড টি কোম্পানী নামৰ বিত্তীয় প্ৰতিষ্ঠানৰপৰা চুৰি হ’ল ১৮ লাখ টকা। ৮ আৰু ৯ মাৰ্চৰ দিনা বিভিন্ন ঋণ প্ৰদানৰ নামত সংগৃহীত হৈছিল ১৮ লাখৰো অধিক টকা ৰহস্যজনকভাৱে কাৰ্যলয়তে থৈ গৈছিল।
কিন্তু ৰহস্যজনক এই ধন ১১ মাৰ্চৰ নিশা চুৰি হয়। এইলৈ বিত্তীয় প্ৰতিষ্ঠানটোৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৪১১/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ৪৫৭/৩৮০ মতে কোম্পানীৰ পৰিচালক দিপু শইকীয়া সহ আঁঠ জন লোকক আটক কৰে৷