তেজপুৰঃ মঙলবাৰে মাজনিশা গুৱাহাটীৰ হোটেল ৰেডিচেন ব্লুত অগপ আৰু বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত দুয়োটা দলে আগন্তুক নিৰ্বাচনত একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সংকল্প গ্ৰহণ কৰে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি দুয়োটা দলে কংগ্ৰেছক পৰাজিত কৰাৰ স্বাৰ্থত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব৷ কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থতে পুনৰবাৰ মিত্ৰজোঁটত চামিল অগপ৷
ইফালে, মঙলবাৰে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ প্ৰসংগ সম্পৰ্কত তেজপুৰ জিলা অগপৰ সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অগপ-বিজেপি মিত্ৰতাৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব।