গুৱাহাটীঃ অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰিছে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই। মঞ্চই এই মিত্ৰতাক ৰাজনৈতিকভাৱে হ’ব পৰা সবাতোকৈ ডাঙক লজ্জাজনক ঘটনা বুলি আখ্যায়িত কৰে।
এক সংবাদমেলত মঞ্চই কয়, ‘শুনা গৈছে কেইখনমান আসন আৰু প্ৰচুৰ ধনৰ উপহাৰৰ বিনিময়ত অগপ দলে বিজেপিৰে পুনৰ মিত্ৰতাৰ সিদ্ধান্ত লৈছ।’ উক্ত সংবাদমেলত মঞ্চৰ অধ্যক্ষ ডঃ হীৰেন গোহাঁইয়ে লগতে কয়, চূড়ান্তভাৱে প্ৰতাৰিত হৈ বিশ্বাসঘাতক দলৰ লগত হাত মিলাইলে অগপ নেতৃত্বই। ফলত আঞ্চলিক দলটোৰ তৃণমূল কৰ্মীক চূড়ান্তভাৱে হতাশ আৰু ক্ষুদ্ধ কৰিলে। নেতৃত্বৰ এনে সিদ্ধান্তই অগপ দলৰ নীতি-আদৰ্শৰ ভেটি উছন কৰিলে। ফলত অগপ দলটো এতিয়া বিশ্বাসঘাতক দললৈ পৰিণত হ’ল। অগপ দলৰ বিশ্বাসঘাতক নেতৃত্বই পুনৰ দেশ প্ৰেমৰ মুখা পিন্ধিলেও অসমৰ ভোটদাতা ৰাইজে এই দলৰ প্ৰাৰ্থী আৰু দেশদ্ৰোহী ষড়যন্ত্ৰৰ মূল নায়ক বিজেপিৰ প্ৰাৰ্থীক দৃঢ়তাৰে প্ৰত্যাখান কৰা বাবে তেওঁ আহ্বান জনায়।