গুৱাহাটীঃ ৰাজীব ভৱনত জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সংবাদমেল। অগপই দেখদেখকৈ অসমৰ ৰাইজক প্ৰৱঞ্চনা কৰি বিজেপিৰ লগত মিত্ৰতা কৰিলে বুলি মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ তথা প্ৰাক্তন অগপ নেতা জয়নাথ শৰ্মাই।
তদুপৰি জাতি ধ্বংসী নাগৰিকত্ব বিধেয়ক বিজেপিয়ে আনিছিল আৰু কংগ্ৰেছৰ হেঁচাত তেওঁলোকে এই বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰিলে। অমিত শ্বাহে বিলখন পুনৰ আনিব বুলি কৈ গৈছৈ। শ্বাহৰ ঘোষণাৰ পাছতো ক্ষমতাৰ লোভত জাতীয়তাবাদী শক্তিক ভৰিৰে মোহাৰি অগপই মিত্ৰতা কৰিলে। এনেদৰে কয় শৰ্মাই।