নগাঁওঃ বিজেপি আৰু অগপৰ মিত্ৰতাক লৈ চলি থকা জল্পনা-কল্পনাৰ ওৰ পেলাই ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অগপ নেতৃত্বই আগন্তুক লোকসভা নিৰ্বাচনকলৈ মিত্ৰতা চূড়ান্ত কৰাৰ পিছত আঞ্চলিকতাবাদী দলটোৰ ভিতৰ চ’ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
মিত্ৰতাৰ সিদ্ধান্তৰ পিছতেই নগাঁৱত সংবাদ মাধ্যমৰ আগত মিত্ৰতা প্ৰসংগকলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নগাঁৱত মহন্তই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মিত্ৰতাৰ কথা দলৰ নেতৃত্বই মোক এতিয়াও জনোৱা নায়৷ মিত্ৰতা হ’লেও অগপ বিভাজিত নহয়। বিজেপিৰ সৈতে মিত্ৰতা হ’লেও মই অগপ ত্যাগ নকৰো।