মৰিয়নীঃ মঙলবাৰে নিশা যোৰহাট আৰক্ষী চকীৰ অন্তগৰ্ত চিনামৰা উপ আৰক্ষী চকীত যোৰহাট জিলাৰ নৱনিযুক্ত শিৱ প্ৰসাদ গাঞ্জাৱালাৰ নেতৃত্বত তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ সহযোগত চিনামৰা আৰক্ষীয়ে চাৰিখন কয়লা ভৰ্ত্তি ট্ৰাক AS 01 JE 0671, AS 02 B 2501, AS 01 DD 2331, UP 32 LN 2164 নম্বৰৰ গাড়ী কেইখন জব্দ কৰে৷
জব্দ কৰা ট্ৰাক কেইখনৰ পৰ্যাপ্ত পৰিমাণে কাগজ নথকাৰ বাবে যোৰহাট আৰক্ষীয়ে উক্ত ট্ৰাক কেইখনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০B/৩৭৯/৪২০/৪১১/৪৬৮/৪৭১ ধাৰাত গোচৰ ৰুজু কৰি চিনামৰা উপ-আৰক্ষী চকীত ঠাইৰ অভাৱৰ বাবে বুধবাৰে মৰিয়নী আৰক্ষী চকীলৈ পঠিয়াই দিয়ে৷