নগাঁওঃ বৰ্তমান সমগ্ৰ ৰাজ্যতে লোকসভা নিৰ্বাচনৰ গৰম বতাহ! সকলো ৰাজনৈতিক দলতে চলিছে প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতা৷ দলীয় শীৰ্ষ নেতৃত্ব ব্যস্ত হৈ পৰিছে শক্তিশালী প্ৰাৰ্থী বাছনি কৰাত৷
ইয়াৰ বিপৰীতে প্ৰতিটো দলতে একোটা সমষ্টিৰ বাবে একাধিক প্ৰাৰ্থিত্বৰ দাবীদাৰে দলীয় শীৰ্ষ নেতৃত্বক বিমূঢ়ত পেলাইছে৷ ইয়াৰ মাজতে শাসকীয় বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেলত বিধায়িকা আঙুৰলতা ডেকাৰ নাম অন্তৰ্ভুক্ত কৰা বিষয়টোয়ে বৰ্তমান ৰাজনৈতিক মহলত বেচ চৰ্চা লাভ কৰিছে৷