গুৱাহাটীঃ নিৰ্বাচনীলৈ মাথো কেইটামান দিন বাকী৷ এনে সময়তে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে৷ আৰু ইয়াৰ প্ৰভাৱ অসমতো নপৰা নহয়৷ শুকুৰবাৰে ৰাতি কংগ্ৰেছে ঘোষণা কৰিছে অসমৰ প্ৰথমখন প্ৰাৰ্থী তালিকা।
প্ৰথমখন প্ৰাৰ্থী তালিকাত ৰাজ্য ১৪ টা লোকসভাৰ সমষ্টিৰ ৫ সমষ্টিৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ দলে ঘোষণা কৰিছে তালিকা। সেই অনুসৰি যোৰহাট লোকসভা সমষ্টিত প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগোহাঁই, কলিয়াবৰৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ, শিলচৰত বৰ্তমানৰ সাংসদ সুস্মিতা দেৱ, ডিব্ৰুগড়ত প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ নেতা পৰ্বন সিং ঘাটোৱাৰ আৰু কৰিমগঞ্জত স্বৰূপ দাস।