ডিফুঃ ডিফুৰ জৱাহৰ নৱোদয় বিদ্যালয়(JNV)ত জঘন্য ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। এগৰাকী সহকৰ্মী শিক্ষয়িত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে ধৰ্ণাত বহিল বিদ্যালয়খনৰ শিক্ষাৰ্থী সকল৷
উত্থাপিত অভিযোগ অনুসৰি সহকৰ্মী শিক্ষয়িত্ৰী গৰাকীক নিজ কোঠালৈ মাতি নি শিক্ষয়িত্ৰীৰ শ্লীলতা হানি কৰে অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰে। কাৰ্বি পাহাৰৰ ডিফুৰ জৱাহৰ নৱোদয় বিদ্যালয়(JNV)ৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে উত্থাপিত শ্লীলতা হানিৰ অভিযোগৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যক্ষ গৰাকীক।