থান প্ৰাংগণৰপৰা জয়ন্ত মুদৈঃ “ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ/ৰংপুৰ অভিমুখে আমি আগুৱাওঁ, যত যি ৰং পাওঁ মোনাত ভৰাওঁ/সেই ৰং পৃথিৱীলে’ আমি ছটিয়াওঁ…”
মৌ বৰষা কণ্ঠৰ অধিকাৰী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই সম্ভৱতঃ গুৰুজনাৰ ইতিহাস বিজড়িত জন্মভূমি বৰদোৱাক কেন্দ্ৰ কৰিয়েই ৰঙৰ উছৱ ফাকুৱাক লৈ এইদৰে কণ্ঠ নিগৰাইছিল৷ হয় ফাকুৱা মানেই ৰং-আনন্দৰ সমাহাৰ৷ নীলা, ৰঙা, বগা, সেউজীয়া, গোলপীয়া….কত যে কিমান ৰঙৰ সমাহাৰ ঘটে এই ফল্গোৎসৱত! তাতে আকৌ মন-প্ৰাণ উতলা কৰা ফাগুন৷ এই ফাগুনেই ডেকা-গাভৰুৰ মন চঞ্চল কৰি আনে উদ্দীপনাৰ বতৰ৷ ফাগুন আৰু ফাকুৱা যেন এৰাব নোৱাৰা এক মিলনমালা৷