50
বৰনৰ্দ্দীঃ ইতিহাসপ্ৰসিদ্ধ বেলশৰৰ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ক লৈ প্ৰবীন সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ যাদব সেন ডেকাই সম্পাদনা কৰা ‘শ্ৰীশ্ৰী বিল্বেশ্বৰ’ নাামৰ গ্ৰন্থখন দেওবাৰে পুৱা বেলশৰত উন্মোচন কৰা হয়।
অৱসৰপ্ৰাপ্ত শিক্ষক তাৰিণী প্ৰসাদ বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ‘শ্ৰীশ্ৰী বিল্বেশ্বৰ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ উপ-সভাপতি, শিক্ষাবিদ ভগৱান চন্দ্ৰ ডেকাই৷