নগাঁওঃ পাঁচদিনীয়া দৌল মহোৎসৱৰ সামৰণী উপলক্ষে দেওবাৰে দুপৰীয়া বটদ্ৰৱা থানত উপস্থিত হয় অগপ-বিজেপি মিত্ৰজোঁটৰ কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনি মাধৱ মহন্ত।
আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ কলিয়াবৰ লোকসভা সমষ্টিৰপৰা অগপ দলৰ হৈ মনোনয়ন-পত্ৰ দাখিল কৰিব মহন্তই। মনোনয়ন দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ চৰণত আশিস গ্ৰহণ কৰে অগপ প্ৰাৰ্থীজনে। দৌল মহোৎসৱৰ পৱিত্ৰ ক্ষণত সমূহ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যত সুখ-সম্প্ৰীতি, প্ৰেম-ভ্ৰাতৃত্ববোধ অটুট ৰখাৰ কামনা কৰে মহন্তই।