ডিজিটেল ডেস্কঃ বিতৰ্কৰ অন্ত নাই সংগীত শিল্পী জাষ্টিন বেইবাৰৰ৷ গাৰ্লফ্ৰেণ্ডৰ পৰা আৰম্ভ কৰি গুণমুগ্ধৰ সৈতে ব্যৱহাৰ ইত্যাদি এশ এবুৰি বিতৰ্কৰ সৈতে নাম সাঙোৰ খাই আছে জাষ্টিনৰ৷ কিন্তু শেহতীয়াকৈ ভাৰতত পুনৰ বিতৰ্কিত হৈ পৰিছে জাষ্টিন বেইবাৰ৷
১০মে’ত নৱী মুম্বাইৰ পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব জাষ্টিন বেইবাৰৰ সংগীতানুষ্ঠান৷ হুৱাইট ফক্স ইণ্ডিয়া শীৰ্ষক প্ৰতিষ্ঠানটোৱে আয়োজিত কৰিছে এই অনুষ্ঠান৷কিন্তু অনুষ্ঠানৰ পুৰ্বে জাষ্টিনে দিয়া দাবীসমূহ দেখিলে চকু কপালত উঠিব আপোনাৰ৷