বটদ্ৰৱাঃ সন্মানীয় নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈয়ে মঙলবাৰে নগাঁও জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন-পত্ৰ দাখিল কৰে৷ মনোনয়ন-পত্ৰ দাখিলৰ পূৰ্বে প্ৰাৰ্থীগৰাকী পুৱাই উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুন্ঠখ্যাত বটদ্ৰৱা থানত৷
সপত্নীক প্ৰদুৎ বৰদলৈৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ ৰিপুন বৰা, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক গৌতম বৰা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাই বটদ্ৰৱা থানত সেৱা নিবেদন কৰি আৰ্শীবাদ গ্ৰহণ কৰে৷