জাজৰিঃ জাজৰি আৰক্ষী থানা গাঁওৰক্ষী বাহিনীৰ উদ্বোগত মঙলবাৰে থানাস্থিত গাঁওৰক্ষী বাহিনীৰ সভাকক্ষত পঞ্জীয়নভূক্ত ৬০ জন বাহিনীৰ সদস্যৰ উপস্থিতিত এখনি সজাগতা সভা সম্পন্ন হয়।
জাজৰি থানা সমিতিৰ সভাপতি যজ্ঞ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে। সভাত উপস্থিত থাকি নগাঁও মহকুমা গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা তৰুন নামনি ৰাজে স্বেচ্চাসেৱী অনুষ্ঠান তথা প্ৰশাসনৰ সহায়কাৰী আৰু গাঁৱৰ শান্তিৰক্ষাৰ মূল সংগঠন গাঁওৰক্ষী বাহিনীৰ সদস্যসকল ত্যাগৰ মনোভাবৰ আৰু সকলোৰে শ্ৰদ্ধাভাজন হ’ব লাগিব বুলি কয়।