ডিফুঃ কাৰ্বি আংলং জিলাৰ জলসম্পদ বিভাগৰ জৰিয়তে হাওৰাঘাট সমষ্টিৰ যমুনা নদীৰ পাৰত মথাউৰি নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নিতিৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
মঙলবাৰে দুপৰীয়া ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত কাৰ্বি ফাৰ্মাৰ্ছ এছ’চিয়েছন চমুকৈ কেএফএ আৰু কাৰ্বি হিলছ ডেভ’লপমেণ্ট প্ৰটেকছন অৰ্গেনাইজেছন চমুকৈ কেএইছডিপিঅ’ই যুটীয়াভাৱে এক সংবাদ মেলৰ আয়োজন কৰি এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ সংগঠন দুটাৰ শীৰ্ষ নেতৃত্বই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ জলসম্পদ বিভাগে গৰাখহনীয়া, বানপানী আৰু শস্যৰ পথাৰসমূহ সুৰক্ষা দিয়াৰ স্বাৰ্থত বহুতো আঁচনিৰ কাম কৰিছে৷