তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আৰু নাগ্ৰীজুলিত মঙলবাৰে দুখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগত কুমাৰীকাটাত দৰংগাজুলী পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক তথা অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ণ নিগমৰ অধ্যক্ষ ইমানুৱেল মছাহাৰীয়ে কয় যে বিপিএফ কেৱল এটা জনগোষ্ঠীৰ দল নহয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক সু-সংগঠিত কৰি বিপিএফ দলটো গঠন কৰা হৈছে। সেয়েহে বি পি এফ-বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকে ভোট দান কৰিব। প্ৰমীলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত বুলিও দাবী কৰে বিধায়ক ইমানুৱেল মছাহাৰীয়ে।
