গুৱাহাটীঃ ওদালগুৰি জিলাত বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাসমূহ ৰাইজক জনাবলৈ আয়োজন কৰা হয় ‘নিউ ইণ্ডিয়া চৌপাল’ শীৰ্ষক অনুষ্ঠান। ৫ৰপৰা ৮ মাৰ্চলৈ কলাইগাঁঁও, হৰিশিঙা আৰু ওদালগুৰি মহকুমাত অনুস্থিত হোৱা এই নিউ ইণ্ডিয়া চৌপালত ডেৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে বুলি এক বিজ্ঞপিতত প্ৰকাশ। নিউ ইণ্ডিয়া চৌপাল ৰাজ্যৰ বিভিন্ন চহৰ আৰু গাঁৱত মাৰ্চৰ দ্বিতীয় সপ্তাহলৈকে অনুষ্ঠিত কৰা হয়৷
অনুষ্ঠানত বিভিন্ন চৰকাৰী আঁচনিসমূহৰ কেইজনমান হিতাধিকাৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে চৰকাৰী আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ ভিডিঅ’ প্ৰদৰ্শন কৰা হয়। এই হিতাধিকাৰীসকল কেনেদৰে আঁচনিসমূহৰপৰা লাভৱান হৈছে সেই বিষয়ে তেওঁলোকৰ নিজ মুখেৰে সভাত ব্যাখ্যা কৰে।