Home ৰাজ্যসন্ত্ৰাস সৃষ্টিকাৰী ছহৰ আলী আৰক্ষীৰ জালত

সন্ত্ৰাস সৃষ্টিকাৰী ছহৰ আলী আৰক্ষীৰ জালত

by News Desk
61 views
A+A-
Reset

ওদালগুৰিঃ অৱশেষত ৰৌতা আৰক্ষীৰ জালত পৰিল ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অপৰাধজনিত ঘটনাৰে সন্ত্ৰাস সৃষ্টি কৰা কুখ্যাত অপৰাধী ছহৰ আলী। মংগলবাৰে দিনৰ প্ৰায় ১২:৩০ বজাত ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত এক বিশেষ সূত্ৰৰপৰা লাভ কৰা খবৰৰ ভিত্তিত শোণিতপুৰ জিলাৰ তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীবিলখানাৰপৰা অপৰাধী ছহৰ আলীক ৰৌতা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫ ধাৰাৰ অধীনত ৪৩/১৯ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 

উল্লেখ্য যে, ওদালগুৰি জিলাৰ ৰৌতা চহৰৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ১৬ মাৰ্চৰ পুৱতি নিশা সংঘটিত কৰিছিল এক শিহৰণকাৰী মালবাহী ট্ৰাক হাইজেকৰ ঘটনা। অৰুণাচলৰ পাচীঘাটৰপৰা শিলিগুৰি অভিমুখে বাৰ্লী জাতীয় সামগ্ৰী কঢ়িয়াই নিয়া এএছ২২চি৫৮০৬ নম্বৰৰ মালবাহী ট্ৰাক এখনক লাইলংপাৰা অঞ্চলত আগভেটি ধৰি ট্ৰাকৰ তিনি কৰ্মচাৰীক পিষ্টল দেখুৱাই ট্ৰাকখন অপহৰণৰ চেষ্টা কৰিছিল এটা ছয়জনীয়া দুৰ্বৃত্তৰ দলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0