তেজপুৰঃ মোক সকলোৱে ভাল পায়। মোৰ লগত মিডিয়াৰ ভাল। মোৰ পদত্যাগৰ বাতৰি দেশৰ সকলো সংবাদ মাধ্যমত প্ৰচাৰ হৈছে মোক সকলোৱে ভাল পায়। এই মন্তব্য তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ।
সাংবাদিকৰে হোবা কথা বতৰাত সাংসদজনে লগতে কয় যে মই সকলোৰে সৈতে মিলি থাকোঁ, হাঁহি-ফূৰ্তি কৰোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মোক অন্যায় কৰিলে। তেওঁ ভাবিলে আৰ পি শৰ্মা কুকুৰ পোৱালিক এক লাঠ মাৰি উৰুৱাই দিব কিন্তু আৰ পি শৰ্মা উৰি যোৱা মানুহ নহয়। মোক সোধা হ’লে মই স্বইচ্ছাই বাট এৰি দিলোঁহেতেন। কিন্ত ছিটিং এমপি এজনৰ নাম নোযোৱাটো ‘সংবিধান’তো নাই।