গুৱাহাটীঃ বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমীয়া জাতিক ৰক্ষাৰ কৰাৰ বাবে একেলগ হোৱা ৭০ সংগঠনৰপৰা আঁতৰি আহিছে ঐক্য সেনা অসম। বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুটো নাই বা ইয়াৰ বিৰুদ্ধে আন্দোলনো নাই। সেয়ে ৭০ সংগঠনৰপৰা ওলাই আহা বুলি ঘোষণা কৰে ঐক্য সেনা অসমে।
বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবৰ ৭০ সংগঠনৰ অংশীদাৰ সংগঠনটোৰ মুখ্য সম্পাদক শ্বাহিদুল ইছলামে এক সংবাদ মেল সম্বোধন কৰি কয় যে জাতিৰ স্বাৰ্থত ৭০ সংগঠনৰ প্ৰতিনিধিৰ লগত ঐক্য সেনা অসমৰো প্ৰতিনিধি দিল্লীৰ সংসদ ভৱনৰ সন্মুখত উলংগ প্ৰতিবাদ কৰিবলৈ গৈছিল। এই প্ৰতিবাদৰ লগতে গণতীন্ত্ৰিক আন্দোলন কৰি অসমবাসী ৰাইজৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ৰোধ কৰিবলৈ সক্ষম হৈছিল।