মোৰাঝাৰঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি অসমৰ বিভিন্ন প্ৰান্তত থকা গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজৰ মাজত ভোট দান সম্পৰ্কত সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰা সংকল্প সমাৰোহ যোৱা ২৭ মাৰ্চ তাৰিখে যমুনামুখ সমষ্টিৰ মোৰাঝাৰ, জয়নগৰ, চামৰালি, অকচেক পথাৰ, আমবাৰী আদি গাঁও পঞ্চায়তৰ লগতে যমুনামুখ গাওঁ পঞ্চায়ততো, “আপোনাৰ ভোটৰ গুৰুত্ব অসীম ই এক নিৰ্ণায়ক ভূমিকা পালন কৰে।
‘দায়িত্ব সহকাৰে ভোট দিয়ক। একে লগে আমি এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰো আগুৱাই আহক ভোট দিয়ক’ এনেদৰে কাৰ্যসূচীৰ সংকল্পৰে আয়োজন কৰা হয় এখন সমাৰোহ৷