তেজপুৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আধুনিক যুগৰ ধৃতৰাষ্ট্ৰ আখ্যা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিজেপি পাণ্ডৱ আৰু কংগ্ৰেছক কৌৰৱৰ দল আখ্যা দিয়ে।
একেদৰে, তেজপুৰ লোকসভাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসে এইবাৰ কমেও দুইলাখ ভোটত জয়ী হব বুলি শৰ্মাই দাবী কৰে। শৰ্মাই লগতে কয় যে গোৰ্খা জনগোষ্ঠীৰ লোকসকল বিজেপিৰ লগত আছে। মই অথবা সৰ্বানন্দ সোণোৱালে বিজেপি নকৰিলেও গোৰ্খাসকলে বিজেপিয়েই কৰিব যাব, ইয়াৰ বিপৰীত মন্তব্যবোৰ কেৱল অপপ্ৰচাৰহে।