নগাঁওঃ “দৈনিক জনমভূমি” কাকতৰ নগাঁৱৰ সাংবাদিক ভাস্কৰজ্যোতি মেধিলৈ আগবঢ়োৱা হৈছে “অনুপ্ৰেৰণা”বঁটা। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ৰাজ্যৰ অগ্ৰনী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “অনুপ্ৰেৰণা”ই সাংবাদিকজনলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷
আজি নগাঁৱত “অনুপ্ৰেৰণা”ৰ সাধাৰণ সম্পাদক দীপজ্যোতি শইকীয়াই আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য যে, সাহিত্য সংস্কৃতি, সামাজিক আদি বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক “অনুপ্ৰেৰণা”ই অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে বঁটা আৰু সম্বৰ্ধনা জনাই আহিছে।