60
অভিজিৎ তালুকদাৰ, তামুলপুৰঃ তামুলপুৰ মহকুমাৰ অগ্ৰণী সাহিত্যানুষ্ঠান আকাশীৰ উদ্যোগত ২৫ মাৰ্চৰপৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা চতুৰ্দশ তামুলপুৰ গ্ৰন্থমেলাৰ শুকুৰবাৰে নিশা সামৰণি পৰে।
গ্ৰন্থ মেলাৰ আটাইকেইটা দিনতে গ্ৰন্থপ্ৰেমী ৰাইজৰ ভিৰ দেখা যায়। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰকমুহূৰ্তত আয়োজিত এই গ্ৰন্থমেলাত ছাত্র-ছাত্রীকে ধৰি পঢ়ুৱৈ সমাজৰ সমাগমে আক্ষৰিক অৰ্থত সমাজখনলৈ কঢ়িয়াইছে এক আশাৰ বাৰ্তা।