48
ডিফুুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত কংগ্ৰেছৰ বৰঘৰত আঘাত হানি ডিফু নগৰ সমিতিৰ কংগ্ৰেছৰ প্ৰাক্তন উপাধ্যক্ষ মনোজ দে’ৰ নেতৃত্বত বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় ৫ শতাধিক লোকে দেওবাৰে আনুষ্ঠানিকবাৱে বিজেপিত যোগদান কৰে৷
কাৰ্বি আংলং জিলা বিজেপিয়ে ডিফু ক্লাবত আয়োজিত এক যোগদান অনুষ্ঠানত পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণ আৰু উপসভাপতি ভৰত কুমাৰ তিমুঙ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত যোগদান কাৰ্যসুচী সম্পন্ন কৰা হয়৷