গুৱাহাটীঃ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাবে দেওবাৰে সোণাপুৰৰ যোগদল আৰু নিউ মাৰ্কেটত নিৰ্বাচনী সভা অনুষ্ঠিত হয় আৰু প্ৰচাৰ পত্ৰিকাত বিতৰণ কৰা হয়৷
সোণাপুৰ অঞ্চলৰ মূল সমস্যা হৈছে স্থানীয় তিৱা, বড়ো আৰু কাৰ্বি আদি জনজাতীয় লোকসকলৰ পৈত্ৰিক ভূমিৰপৰা উৎখাত হ’বলগা হোৱাটো। বিশেষকৈ বিভিন্ন চৰকাৰী আৰু ঔদ্যোগিক প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ ফলত এই জনজাতীয় লোকসকলে ভূমিৰ মালিকীস্বত্ব হেৰুৱাব লগা হৈছে।