62
কাজিৰঙাঃ এইবাৰ নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত ভিভি পেট মেচিনৰ ব্যৱস্থা কৰিছে৷ এই ভিভি পেট ব্যৱস্থাৰ বিষয়ে সাধাৰণ ভোটদাতা ৰাইজক অৱগত কৰাৰ লগতে ইয়াৰে সজাগতাৰ সৃষ্টি কৰিবৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ৷
বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু SVEEPৰ অধীনত বোকাখাতৰ ৰাজপথৰ দাঁতিয়ে-দাঁতিয়ে, গাঁৱে-ভূঞে চলিছে এতিয়া ভিভি পেট মেচিন ব্যৱস্থাৰ সজাগতাৰ অনুষ্ঠান৷