63
নলবাৰীঃ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নলবাৰী সদৰ সমষ্টিৰ কমিটীখন ৩০ মাৰ্চ শনিবাৰে নিশালৈ চলা এখন সভাত গঠন কৰা হয়।
নলবাৰীৰ দেশপ্ৰাণ নগেন শৰ্মা ভৱনত যুৱ পৰিষদৰ জিলা সভাপতি কনকেশ্বৰ দাসৰ সভাপতিত্ব অনুষ্ঠিত হয় সভাখন। সভাত বিভিন্নজনে বক্তব্য ৰখাৰ পাছত যুৱ পৰিষদৰ নলবাৰী সদৰ সমষ্টিৰ উদ্যোগত সতীৰ্থ সন্মিলন সমাৰোহ এখন অহা ৭ এপ্ৰিলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।