57
নগাঁওঃ ৰে’ল বিভাগত ভুৱা নিযুক্তি দি অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী নিজ ডিমৌৰ হিৰেন কাকতি নামৰ এজন লোক। ৰে’লৱেত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে ধৃত কাকতিয়ে কেইবাজনো নিবনুৱাৰপৰা ৩/৪ লাখ টকাকৈ সংগ্ৰহ কৰি ভুৱা নিযুক্তি-পত্ৰ বিতৰণ কৰিছিল।
কিন্তু নিযুক্তি-পত্ৰ লাভ কৰাৰ পাছতে মালিগাঁৱত চাকৰিত যোগদান কৰিবলৈ গৈ নিবনুৱা যুৱক-যুৱতীসকলে নিযুক্তি-পত্ৰ যে ভুৱা আছিল সেই বিষয়ে অৱগত হোৱাৰ পাছত আৰক্ষীৰ আশ্ৰয় গ্ৰহণ কৰে।