গোসাইগাঁঁওঃ গোসাইগাঁও সদৰ-চহৰস্থিত গোসাইগাঁও উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হস্ততাঁত-বস্ত্ৰ শিল্প মেলাত বুধবাৰে ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ আয়োজন কৰা হয়৷ ভাৰত চৰকাৰৰ হস্ততাঁত-বস্ত্ৰ শিল্পৰ আয়ুক্তৰ উন্নয়ন প্ৰকল্পৰ সহযোগত আৰু হস্ততাত-বস্ত্ৰ শিল্পৰ গোসাইগাঁও কাৰ্যালয়ৰ উদ্যোগত আয়োজিত সন্মিলনত গোসাইগাঁও মহকুমাৰ ময়নাগুৰি ক্লাষ্টাৰ শিপিনীসকল উপস্থিত থাকে৷
গোসাইগাঁও হস্ততাঁত-বস্ত্ৰশিল্পৰ অধীক্ষক হীৰণ্য দেৱীয়ে আঁত ধৰা সন্মিলনত ময়নাগুৰি ক্লাষ্টাৰৰ অন্তৰ্গত আঠটা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে৷ সন্মিলনত অংশগ্ৰহণ কৰা শিপিনীসকল নিজে তৈয়াৰ কৰা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে৷